ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী

ধুবুৰী জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তীব্ৰ প্ৰতিবাদ। ধুবুৰী জিলাৰ বিলাসীপাৰা, চাপৰ, গৌৰীপুৰ আৰক্ষী থানাৰ অধীনস্থ থকা গাওঁসমূহ কৰ্তন কৰাৰ বিৰুদ্ধে ৬ দফীয়া দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

অসম চৰকাৰৰ গৃহ বিভাগে অধিসূচনা জাৰি কৰি বিলাসীপাৰা, চাপৰ, গৌৰীপুৰ আৰক্ষী থানাৰ অধীনস্থ ৬৩ খন গাওঁ কৰ্তন কৰি ফকিৰগণ্জ থানাৰ অধীনলৈ অন্তৰ্ভূক্ত কৰাৰ সিদ্ধান্তক ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছিল। সেই দাবীৰ সমৰ্থনত ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে বুধবাৰে এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *