বৃন্দাবনত বিৰাট কোহলী আৰু অনুষ্কা শৰ্মা। বুধবাৰে গুৰু পূৰ্ণিমাৰ পূৰ্বে প্ৰেমানন্দ মহাৰাজৰ সাক্ষাৎ বিৰাট আৰু অনুষ্কাৰ।
উল্লেখযোগ্য যে, আই পি এল ২০২৬ৰ অন্ত পৰাৰ পিছত প্ৰেমানন্দ মহাৰাজৰ ওচৰলৈ আশীৰ্বাদ বিচাৰি আহিছিল বিৰাট আৰু অনুষ্কা। ৰাধা কেলি কুঞ্জ আশ্ৰমত খালী ভৰিৰে খোজ কাঢ়ি থকা এই দম্পতিৰ ফটো ভিডিঅ সামাজিক মাধ্যমত ইতিমধ্যে ভাইৰেল হৈছে। দুয়োকে কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে আশ্ৰমত প্ৰৱেশ কৰা পৰিলক্ষিত হৈছে।
ইফালে, আশ্ৰমৰ পৰা ওলাই অহাৰ সময়ত বিৰাট আৰু অনুষ্কাৰ হাতত প্ৰসাদো দেখা যায়।
আনহাতে, প্ৰেমানন্দ মহাৰাজৰ আশীৰ্বাদ গ্ৰহণৰ পূৰ্বে আশ্ৰম চৌহদত কিছু সময় অতিবাহিত কৰে।