সোমবাৰে সন্ধিয়া লংকা-উমৰাংচু সংযোগী পথৰ লংকাৰ ইছলামবস্তিত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী মহিলা।গুৰুতৰভাৱে আহত আন এজন লোক
এই আকস্মিক ঘটনাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হয়। উত্তপ্ত হৈ পৰা উত্তেজিত ৰাইজে পথৰ যান-বাহনৰ লগতে কেইবাখনো সাধাৰণ ৰাইজৰ ব্যক্তিগত বাহন ভাঙি চূৰমাৰ কৰে। উত্তেজিত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ লংকা আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু ৰাজহুৱা সম্পত্তি বিনষ্ট তথা অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰাৰ অভিযোগত ৯ গৰাকী লোকক আটক কৰে। আটকাধীন লোককেইজন ক্ৰমে- মঞ্চুৰ আলী,আছাদুল হক,ৰফিকুল ইছলাম,চাহিল উদ্দিন আহমেদ,আইনুল হক,ইজ্জাজুল হক,হবিবুৰ ৰহমান, জিয়াবুৰ ৰহমান আৰু হাবিজ উদ্দিন।বুলি জানিব পৰা গৈছে।
আৰক্ষীয়ে ইতিমধ্যে ঘটনা সংক্ৰান্তত প্ৰয়োজনীয় আইনী প্ৰক্ৰিয়া সমাপন কৰি আটাইকেইজন অভিযুক্তক আদালতলৈ প্ৰেৰণ কৰিছে। সমগ্ৰ ঘটনাৰ সন্দৰ্ভত লংকা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।