আজি শাৰদীয় দুৰ্গোৎসৱৰ নৱৰাত্ৰিৰ অষ্টম দিন। মহা অষ্টমীৰ এই দিনটোত দুৰ্গা দেৱীৰ অষ্টম ৰূপ মহাগৌৰীক পূজা কৰা হয়।
অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰৰ ঐতিহাসিক দেৱীদৌলতো পৰম্পৰাগত ৰীতি-নীতিৰে চলিছে মা দুৰ্গাৰ পূজা-অৰ্চনা।
মহাষ্টমীৰ এই পৱিত্ৰ ক্ষণত মা দুৰ্গাৰ আশিস ল’বলৈ দেৱীদৌল প্ৰাংগণত সমাগম ঘটিছে অসংখ্য ভক্তৰ। ধূপ-দীপ, নৈবেদ্য আৰু পূজাৰ সামগ্ৰী লৈ দৌল প্ৰাংগণত উপস্থিত হৈছে ভক্তসকল।
ইতিমধ্যে দেৱীদৌলত আৰম্ভ হৈছে পৰম্পৰাগত বলি-বিধান। ধৰ্মীয় ৰীতি-নীতি আৰু পৰম্পৰা অনুসৰি সম্পন্ন কৰা হৈছে পূজাৰ বিভিন্ন কাৰ্যসূচী।
মহাষ্টমীৰ পূজাক কেন্দ্ৰ কৰি ঐতিহাসিক দেৱীদৌলত সৃষ্টি হৈছে এক আধ্যাত্মিক পৰিৱেশ। ভক্তসকলে সুখ-শান্তি, সমৃদ্ধি আৰু মংগলৰ কামনাৰে মা দুৰ্গাৰ চৰণত প্ৰাৰ্থনা জনাইছে।