দুটা জাতীয় সংগঠনৰ এদল কৰ্মী তথা বিষয়ববীয়াই শিৱসাগৰৰ পৰা গুৱাহাটীৰ জনতা ভৱনলৈ বুলি কৰিছে পদযাত্ৰা।
অসম ছাত্ৰ যুৱ সন্মিলনৰ সভাপতি জিন্টু মেছ আৰু সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পৰশ জ্যোতি দাসৰ নেতৃত্বত কৰিছে পদযাত্ৰা।
মূলতঃ যোৱা জুলাই মাহত হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত পৰিয়ালক দহ লাখ টকাকৈ ক্ষতিপূৰণ দিয়া, পুনৰ সংস্থাপন, বাট পথৰ পুনৰ নিৰ্মাণ, আন্তঃগাঁথনি উন্নয়নৰ বাবে বিশেষ পেকেজ ঘোষণা, বানৰ প্ৰকৃত কাৰণ উদঘাটন কৰা আদি বহু কেইটা দাবীত কৰিছে এই পদযাত্ৰা।
শিৱসাগৰ গৌৰিসাগৰৰ পৰা পুৱা ১০ বজাত এই পদযাত্ৰা আৰম্ভ কৰে জিন্টু মেছ, পৰশ জ্যোতি দাসসহ দহগৰাকীৰো অধিক কৰ্মী তথা বিষয়ববীয়াই।