পাঠশালাত দাহ কৰা হ’ব ৭৫ ফুট উচ্চতাৰ ৰাৱণ

আজি বিজয়া দশমী।

পাঠশালাত ৭৫ ফুট উচ্চতাৰ ৰাৱণ দাহন কাৰ্যসূচী।

অসূয়া-অপ্ৰীতি দূৰ কৰি অসত্যৰ ওপৰত সত্যৰ বিজয়ৰ বাৰ্তা প্ৰেৰণৰ লক্ষ্যৰে পাঠশালাত ৰাৱণ দাহনৰ ব্যাপক প্ৰস্তুতি।

শাৰদীয় দুৰ্গোৎসৱৰ অন্তিম দিনটোত বজালীৰ পাঠশালাত আয়োজন কৰা হৈছে ৰাৱণ দাহন কাৰ্যসূচী।

পাঠশালা বজাৰ সমিতিৰ উদ্যোগত আয়োজিত ১০৮ বছৰীয়া ঐতিহ্যমণ্ডিত দুৰ্গা পূজা মহোৎসৱে প্ৰতি বছৰৰ দৰে এইবেলিও বিজয়া দশমী উপলক্ষে গ্ৰহণ কৰিছে বিশেষ কাৰ্যসূচী।

ৰাৱণ দাহনৰ এই আকৰ্ষণীয় কাৰ্যসূচী উপভোগ কৰিবলৈ পাঠশালাৰ লগতে বজালী জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা ১৫ ৰ পৰা ২০ হাজাৰ দৰ্শকৰ সমাগম হোৱাৰ সম্ভাৱনা আছে।

ইয়াৰ সমান্তৰালকৈ অনুপম নিৰ্মাণ প্ৰাইভেট লিমিটেডৰ উদ্যোগত আয়োজন কৰা হৈছে বিশেষ DJ NIGHT-ৰ।

ৰাৱণ দাহন আৰু সংগীতানুষ্ঠানক কেন্দ্ৰ কৰি এইবাৰো পাঠশালাত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হোৱাৰ আশা কৰিছে আয়োজক সমিতিয়ে।

সেয়েহে বৃহৎ জনসমাগমৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে সাজু হৈছে বজালী জিলা প্ৰশাসন।

অনুষ্ঠানটো সুকলমে সম্পন্ন কৰাৰ লগতে আইন-শৃংখলা আৰু নিৰাপত্তা ব্যৱস্থা সুনিশ্চিত কৰিবলৈ প্ৰশাসনৰ তৰফৰ পৰা প্ৰয়োজনীয় প্ৰস্তুতি গ্ৰহণ কৰা হৈছে।

১০৮ বছৰীয়া ঐতিহ্য বহন কৰা পাঠশালা বজাৰ সমিতিৰ দুৰ্গা পূজা মহোৎসৱৰ এই বিশেষ আয়োজনক লৈ ইতিমধ্যে অঞ্চলটোত ব্যাপক উৎসাহ-উদ্দীপনাৰ সৃষ্টি হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *