নৱমী উপলক্ষে বজালীৰ ঐতিহাসিক পৰিহৰেশ্বৰ দেৱালয়ত উখল-মাখল পৰিৱেশ।
ৰাণী ফুলেশ্বৰী আৰু ৰুদ্ৰ সিংহৰ দিনৰে পৰা চলি আহিছে বলি বিধান প্ৰথা।
শাৰদীয় দুৰ্গোৎসৱৰ মহা নৱমী উপলক্ষে আজি বজালীৰ ঐতিহাসিক পৰিহৰেশ্বৰ দেৱালয়ত সৃষ্টি হৈছে এক উখল-মাখল পৰিৱেশ।
পুৱাৰে পৰা দেৱালয়খনত ভক্তপ্ৰাণ ৰাইজ আৰু দৰ্শনাৰ্থীৰ ব্যাপক সমাগম পৰিলক্ষিত হয়।
দেৱী দুৰ্গাৰ আশিস বিচাৰি পুৱাই দেৱালয়ত উপস্থিত হয় অসংখ্য ভক্ত।
ধূপ-ধূনাৰ সুগন্ধ, পূজা-অৰ্চনা আৰু ভক্তিমূলক পৰিৱেশেৰে মুখৰিত হৈ পৰে সমগ্ৰ দেৱালয় চৌহদ।
মহা নৱমীৰ পৱিত্ৰ ক্ষণত পৰম্পৰাগত ৰীতি-নীতি আৰু ধৰ্মীয় বিশ্বাস অনুসৰি দেৱী দুৰ্গাৰ পূজা-অৰ্চনাৰ আয়োজন কৰা হয়।
দেৱালয়খনৰ প্ৰাচীন পৰম্পৰা অনুসৰি বলি-বিধান প্ৰথাৰো আয়োজন কৰা হয়।
এই উপলক্ষে দূৰ-দূৰণিৰ পৰা অহা ভক্তসকলে দেৱীৰ চৰণত সেৱা আগবঢ়াই পৰিয়াল তথা সমাজৰ মংগল কামনা কৰে।