হাঁহি মুখে দূৰ্গাপূজা চাবলৈ গৈ নিশা কান্দিবলগীয়া হ’ল গৃহস্থ৷
ছিপাঝাৰৰ বালিপাৰাত গৃহস্থই সপৰিয়ালে পূজা চাবলৈ যোৱাৰ সুযোগ লৈ চোৰে লুটি নিলে নগদ ধন আৰু সোণৰ আা- অলংকাৰ।
ছিপাঝাৰৰ বালিপাৰাৰ বাসিন্দা সত্যজিৎ নাথৰ ঘৰত সোমবাৰে সন্ধিয়াতে ঘটিল এই ঘটনা।
চোৰে লুটি নিলে নগদ ৫০ হাজাৰ টকা আৰু কিছু সোণৰ গহণা।
মঙলদৈস্থিত কানাৰা বেংকত অস্থায়ী কাম কৰি কোনোমতে পৰিয়ালটো চলাই আছে সত্যজিৎ নাথে।
নিশা আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ।