ৰামকৃষ্ণ সেৱাশ্ৰমত পৱিত্ৰ কুমাৰী পূজা

বঙাইগাঁৱৰ মিছনপাৰাস্থিত ৰামকৃষ্ণ সেৱাশ্ৰমত পৰম্পৰা অনুসৰি এইবাৰো অনুষ্ঠিত কৰা হয় পৱিত্ৰ কুমাৰী পূজা।

কেইবাশতাধিক ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত সম্পন্ন কৰা হয় এই বিশেষ পূজা-অৰ্চনা।

কুমাৰী পূজাত এগৰাকী কণমানি কন্যাক দেৱী দুৰ্গাৰ ৰূপত সজাই পূজা-অৰ্চনা কৰা হয়।

হিন্দু ধৰ্মীয় পৰম্পৰা অনুসৰি, নাৰীশক্তিৰ প্ৰতীক হিচাপে কুমাৰী কন্যাক দেৱী দুৰ্গাৰ ৰূপত আৰাধনা কৰা হয়।

উল্লেখ্য যে, স্বামী বিবেকানন্দৰ দ্বাৰা প্ৰচলিত এই কুমাৰী পূজাই নাৰীশক্তিৰ মহিমা আৰু মাতৃশক্তিৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ এক বিশেষ নিদৰ্শন দাঙি ধৰে।

পৱিত্ৰ কুমাৰী পূজাক কেন্দ্ৰ কৰি ৰামকৃষ্ণ সেৱাশ্ৰমৰ চৌহদত সৃষ্টি হয় এক আধ্যাত্মিক আৰু ভক্তিময় পৰিৱেশ।

Leave a Reply

Your email address will not be published. Required fields are marked *