গৰমে দহিছে ৰাজ্যবাসীক। গৰমৰ পৰা পৰিত্ৰাণৰ উপায় বিচাৰি জনসাধাৰণে বিভিন্ন পন্থা গ্ৰহণ কৰিছে । কোনোৱে যদি এচি-কুলাৰৰ আশ্ৰয় লৈছে, কোনোৱে আকৌ গছৰ শীতল ছাঁত গা শাত পেলাবলৈ চেষ্টা কৰিছে । সমান্তৰালভাৱে কদৰ বাঢ়িছে নেমুপানী, ডাবৰ পানী আৰু শীতল পানীয়ৰ ।
ক্ৰমবৰ্ধিত এই উৎকট গৰমৰ পৰিপ্ৰেক্ষিতত লখিমপুৰ জিলাৰ শিক্ষা বিভাগে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। জিলাখনৰ প্ৰাথমিক পৰ্যায়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ শিক্ষাৰ্থী সকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ লগতে জিলা প্রাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ে সলনি কৰিছে পূৰ্বৰ পাঠদানৰ সময়সূচী।
লখিমপুৰ জিলা চক্ৰৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া বেদব্ৰত গগৈয়ে স্মাৰক নম্বৰ -আই এছ/ এল ডি চি/ এন এল /৮৫৪২-৪৯ শীর্ষক এক নিৰ্দেশনা যোগে সমগ্ৰ জিলাখনৰ নিম্ন প্ৰাথমিক স্তৰৰ পৰা জ্যেষ্ঠ উচ্চতৰ মাধ্যমিক স্তৰৰ বিদ্যালয় সমূহৰ শিক্ষাৰ্থী সকলৰ বিদ্যাৰম্ভৰ সময় আগুৱাই দিছে। শিক্ষা বিষয়া গৰাকীয়ে যোৱা ১৪ আগষ্টত জাৰি কৰা গুৰুত্বপূৰ্ণ নিৰ্দেশনা অনুসৰি জিলাখনৰ নিম্ন প্ৰাথমিক, উচ্চ প্ৰাথমিক, উচ্চ মাধ্যমিক, উচ্চতৰ মাধ্যমিক আৰু জ্যেষ্ঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমূহৰ নিয়মীয়া পাঠদান পুৱা ৭বজাত আৰম্ভ হব।
জৰুৰী ভাবে কাৰ্যকৰী হোৱাকৈ জাৰি কৰা এই নিৰ্দেশনাটোত নিম্ন প্ৰাথমিক স্তৰৰ শিক্ষাৰ্থী সকলক দুপৰীয়া ১১ বজাত আৰু উচ্চ প্ৰাথমিক শ্ৰেণীৰ শিক্ষাৰ্থী সকলক দুপৰীয়া ১১-৩০ বজাত ছুটী দিয়াৰ লগতে উচ্চ মাধ্যমিক, উচ্চতৰ মাধ্যমিক আৰু জ্যেষ্ঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নিয়মীয়া পাঠদান দুপৰীয়া ১২ বজাত শেষ কৰাৰ বাবে নিৰ্দেশ দিয়া হৈছে। জিলাখনৰ সকলো চৰকাৰী ,প্ৰাদেশীকৃত আৰু বেচৰকাৰী বিদ্যালয়ৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱাকৈ জাৰি কৰা এই নিৰ্দেশনা অহা সোমবাৰৰ পৰা সমগ্ৰ জিলাতে কাৰ্যকৰী হব।