চৰকাৰী কৰ্মচাৰীক লৈ মুখ্যমন্ত্ৰী ডাঙৰ ঘোষণা।স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
চৰকাৰী কৰ্মচাৰীৰ কৰ্তন কৰা হ’ব ২০ শতাংশ দৰমহা!
গুৱাহাটীৰ খানাপাৰাত ৮০সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি ৰাজ্যবাসীক সম্বোধন কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই। নিজৰ ভাষণত বহু গুৰুত্বপূৰ্ণ প্ৰসংগ উত্থাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
নিজৰ ভাষণত বিবাহ বিচ্ছেদ নকৰাকৈ আন মহিলাৰ সৈতে সংসাৰ কৰা লোকসকললৈও সাৱধানবাণী শুনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘প্ৰথম পত্নীৰ সৈতে বিবাহ বিচ্ছেদ নকৰাকৈ দ্বিতীয় পত্নীৰ সৈতে সংসাৰ কৰা বা সম্পৰ্ক কৰাৰ অভিযোগ আহিলেই সেই চৰকাৰী চাকৰিয়ালৰ দৰমহাৰ ২০ শতাংশ কৰ্তন কৰি প্ৰথমা পত্নীৰ বেংকত দিয়া হ’ব। এই আইন বিধানসভাত আনিবলৈ চেষ্টা কৰিম।’’
অসম চৰকাৰে বাল্য বিবাহ আৰু বহু বিবাহক লৈ ইতিমধ্যে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। আজি স্বাধীনতা দিৱসৰ কাৰ্যসূচীত পুনৰ সেই প্ৰসংগ উত্থাপন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।