নগাঁও উপ-নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা AIUDFৰ।
শিৱসাগৰৰ পৰা নগাঁও লোকসভা উপ নিৰ্বাচনৰ প্ৰাৰ্থী নাম ঘোষণা কৰিলে মৌলানা বদৰুদ্দিন আজমলে।
নগাঁৱত লোকসভা উপ নিৰ্বাচনৰ AIUDFৰ প্ৰাৰ্থী হ’ব প্ৰাক্তন আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰ।
বদৰুদ্দিন আজমলে AIUDFৰ দলীয় টিকট দিয়াৰ ঘোষণাক আদৰণি জনাই ৰেজাউল কৰিম সৰকাৰে। অৱশ্যে দলীয় সভাপতি বদৰুদ্দিন আজমলে এই বিষয়ে তেওঁক এতিয়ালৈকে ব্যক্তিগতভাৱে একো জনোৱা নাই বুলিও উল্লেখ কৰিছে ৰেজাউল কৰিম সৰকাৰে।
নগাঁৱত লোকসভা উপ নিৰ্বাচনৰ AIUDFৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ পাছতে নেতাগৰাকীয়ে কয়, “দলে যাকে টিকট দিয়ে, তাকেই আঁকোৱালি ল’ম।” দলীয় টিকট লাভ কৰিলে AIUDFৰ প্ৰাৰ্থীয়ে নিশ্চিতভাৱে জয়লাভ কৰিব বুলিও তেওঁ দাবী কৰে।