শিৱসাগৰ জিলাৰ বিহুবৰত উদ্ধাৰ দিখৌ নদীৰে উটি অহা হাতীজনীক

নাগালেণ্ডৰ নামচাঙৰ পৰা দিখৌ নদীৰে উটি অহা ঘৰচীয়া মাখুন্দী হাতীজনী শিৱসাগৰ জিলাৰ বিহুবৰত উদ্ধাৰ

বৃহস্পতিবাৰে প্ৰলয়ংকৰী বানত নাগালেণ্ডৰ পৰা উটি আহিছিল হাতীজনী।।

হাতীজনী বয়স ৫৩ বছৰ বুলি অনুমান কৰা হৈছে। হাতীজনীয়ে পিছত খোজকাঢ়ি শিমলুগুৰিৰ বালিঘাটলৈ যায়, য’ত বৰ্তমান জিৰণি লৈ আছে।

​হাতীজনীক পৰীক্ষা কৰা আৰু জৰুৰী চিকিৎসা প্ৰদানৰ বাবে নাজিৰা পশু চিকিৎসালয়ৰ এটা পশু চিকিৎসা দল ঘটনাস্থলীত উপস্থিত হয়।

নাজিৰা ভ্ৰাম্যমাণ পশু চিকিৎসা গোটৰ ডাঃ মৃণাল জ্যোতি বৰাৰ লগতে ডাঃ লাচিত বৰা, পশু চিকিৎসা ক্ষেত্ৰ সহায়কদ্বয় কুমুদ শৈকীয়া আৰু অভিলাষ শইকীয়াৰে গঠিত দলটোৱে হাতীজনীক পৰীক্ষা কৰি চিকিৎসা প্ৰদান কৰে।
হাতীজনীৰ এখন ঠেং বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছে। হাতীজনীৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান পশু চিকিৎসকৰ তত্বাৱধানত তীক্ষ্ণ নিৰীক্ষণত ৰখা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *