শিৱসাগৰৰ বাবে সাহায্যৰ টোপোলা লৈ গুৱাহাটীৰ পৰা ৰাওনা অখিল গগৈ

অপৰিৱৰ্তিত শিৱসাগৰৰ বান পৰিস্থিতি।ঠায়ে ঠায়ে পানী কমিছে যদিও এতিয়াহে আৰম্ভ হৈছে মানুহৰ আঁচল সংগ্ৰামখন। হাহাকাৰ কৰিছে সকলোৱে।

এনে সংকটৰ সময়ত সমষ্টিবাসীৰ বাবে সাহায্যৰ টোপোলা লৈ শিৱসাগৰৰ দিশে ৰাওনা অখিল গগৈ।

উল্লেখ্য যে, দুদিনৰ পূৰ্বে অখিল গগৈয়ে গুৱাহাটীৰ ভিন্নজনৰ পৰা সহায় বিচাৰিছিল বানাক্ৰান্তৰ সহায়ৰ বাবে। মুকলি কৰি দিছিল বেংক একাউন্ট নম্বৰ।

শুকুৰবাৰে পুৱাই অখিল গগৈয়ে ফেচবুকত দিলে এটা বিশেষ আপডেট। নিজৰ অফিচিয়েল ফেচবুক একাউন্টযোগে অখিল গগৈয়ে লিখিছিল,।মই শিৱসাগৰৰ বাবে উৎকৃষ্ট মানৰ ৪০০ কুইণ্টল (৪০ মেট্ৰিক টন) চাউল আৰু ২০০ কুইণ্টল (২০ মেট্ৰিক টন) দাইল যোগাৰ কৰিলোঁ। আজি গধূলিৰ পৰা শিৱসাগৰ সমষ্টিত বিতৰণ কৰিব পাৰিম।

আনহাতে গুৱাহাটীৰ পৰা মুঠ ৩০,০০০ লিটাৰ পানীৰ বটল আনি শিৱসাগৰত জমা কৰাৰ কথাও সদৰি কৰিলে অখিল গগৈয়ে। ৰাইজক এই পানী বিতৰণ কৰাৰ লগতে প্ৰয়োজন সাপেক্ষে তেওঁকো ৰাইজে যোগাযোগ কৰিব পাৰিব বুলি জনাইছে বিধায়কগৰাকীয়ে। অখিল গগৈয়ে সাহায্যৰ বাবে গুগুল পে নম্বৰ — 8822424271 আৰু বেংক একাউণ্ট নম্বৰ Account Number- 40062276752, (Name- Akhil Gogoi, IFSC- SBIN0003030) মুকলি কৰি দিছিল ৰাইজৰ বাবে।

Leave a Reply

Your email address will not be published. Required fields are marked *